The suicide note
ছুইচাইড নোট
"আজি অলপদিনৰপৰা নদীখনলৈ মোহটো বাঢ়িছে , ইমান বিশাল ! শুকাই যায় কিন্তু শেষ কেতিয়াও নহয় । কেতিয়াবা শুকাই, কেতিয়াবা উপচে । স্মশানখনো ভাল লগা হৈ আহিছে । তাত থাকে জীৱনৰ অন্তিম সত্য । ...
-- "হৈছে কি আজিকালি উঠি অহা চামৰ । মই নোৱাৰো এইবোৰ পঢ়িব । ডেকা আপুনিয়েই পঢ়ক বাকীখিনি" - অস্বস্তি অনুভৱ কৰি অ.চি ফুকনে ডায়েৰীখন কনিষ্টবল ডেকালৈ আগবঢ়াই দিলে ।
---চাৰ, আখৰবোৰ চোন খুব ধুনীয়া । " ....তাত থাকে জীৱনৰ অন্তিম সত্য ।
যাওঁ বুলিলেই সঁচাকৈ জানো নোহোৱা হৈ যাব পাৰি । প্ৰতিদিনে গোটোৱা টুকুৰা- টুকুৰ আশা, সপোনবোৰক মাৰি পেলোৱাটো জানো সহজ হয় ?
নিজৰ মাজকে চলি থকা মৰা- জীয়াৰ যুঁজখনত প্ৰত্যেক দিনেই এজনকে জিকাব পৰা শক্তিখিনি যেন কমি আহিছে । এটা অজুহাত পালেই গুচি যাব পাৰো এতিয়া । মানুহ জীৱনত এবাৰেই মৰে । কিছুমান মানুহে জীয়া শ লৈ ঘূৰি ফুৰে । মই বাৰু কেতিয়া মৰিলোঁ ? বহুত বছৰ হ'ল ! এৰা বহুত বছৰ !
কেৱল আনুষ্ঠানিকতাহে বাকী আছে ! মোৰ দেখোন ভাল লাগিছে । অন্ততঃ এই মূহূৰ্তত মই সকলোতকৈ সুখী মানুহ ।
.. সাত । সাত । সাত । সাত । সাত । সাত । সাত....
কেতিয়াবা কাকো কব নোৱাৰা কথা কিছুমান ৰৈ যায় নিজৰ হৈ । নিজৰ বুলিবলৈ সেই ক'ব নোৱাৰা কথা বোৰেই থাকে । যিটো একান্তই নিজৰ । সাত ! এটা সংখ্যা !.... ওহো মোৰ বাবে ই কেৱল এটা সংখ্যাই নহয় । এই সাতৰপৰাই মোৰ মৃত্যু হৈছিল । আনুষ্ঠানিকতা এতিয়াও বাকী ! এতিয়া এই সাতে মুক্তি পাব ! চিন্তাবিহীন হৈ থাকিব পাৰিব । কোনো অপবাদে চুব নোৱাৰাকৈ ভাল মানুহ হৈ থাকিব পাৰিব । মূৰৰপৰা চিন্তাৰ বোজাটো আঁতৰিব.... ভালেই হ'ল । "
সত্যটো সদায় সত্যই । মোৰ দৰে মানুহক জানো নদীখনে আকোৱালি ল'ব ! যদি সেই কবিতাটোৰ দৰেই হয়--
সপোনত কালি নৈখনৰ পাৰলৈ গৈছিলোঁ ।
নৈখন তেতিয়া উফন্দি আছিল ।
পাৰত বহি ঢৌবোৰক বাৰে বাৰে চাইছিলো ,
সিহঁতৰ লহৰত ওমলিবলৈ মোক হাতবাউলি মাতিছিল ।
মনত এক বুজাব নোৱাৰা অনুভূতিৰ সৃষ্টি হৈছিল
বহুদূৰলৈ নিয়াৰ প্ৰতিশ্ৰুতিৰে হাতখন আগবঢ়াই দিছিল ঢৌবোৰে !
অস্থিৰতাত ডুব গৈ মইয়ো হাতখন মেলি দিছিলোঁ ।
আলফুলে ঢৌবোৰে বুকুত সাৱটি লৈ গৈছিল !
এসময়ত সিহঁতৰো ভাগৰ লাগিল !
বালিচৰৰ কোনোবা কোনত এৰি থৈ গ'ল ..
ঠিক আৱৰ্জনাবোৰ এৰি যোৱাৰ দৰেই !
এৰা ! এইয়া সপোনহে আছিল ।
নকওঁ যে মোক বেয়া নাপাবা । ইমান দিন ভাল হৈ আছিলোঁ , ভাল পাই আছিলা । এতিয়া অলপ বেয়া পোৱা তোমালোকে । "
প্ৰান্তত
" জীৱন ভালপোৱা ছোৱালীজনী"
-- চাৰ পঢ়ি হ'ল । কনিষ্টবল ডেকাই অ.চি ফুকনৈ ডায়েৰীখন আগবঢ়াই দিলে । হ'ব হ'ব আহক । বডীটো পোষ্টমৰ্টেমৰ বাবে পঠাব লাগে । গোটেই তিতিলো ।
অ.চি ফুকনে মনে মনে ভাবি ওলাই গ'ল । যি হওঁক চিন্তা এটা আঁতৰিল ।
Comments
Post a Comment