অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)

         অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান


      ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈকে অসমীয়া জাতীয় জীৱনৰ বাবে নিঃ সন্দেহে অতি দুৰ্ভাগ্যজনক বৰ্ষ আছিল কিয়নো চতুৰ ইংৰাজসকলে অসমৰ স্কুলৰপৰা আৰম্ভ কৰি আদালতলৈকে চৰকাৰী ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰি অসমীয়া ভাষা বিকাশৰ পথ সম্পূর্ণৰূপে অচল কৰি তোলা পৰিলক্ষিত হৈছিল । দুৰ্ভাগ্যৰ বৰ্ষ ১৮৩৬ চনতোতে আমেৰিকান খৃষ্টান মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমত ভৰি দিয়েহি । প্ৰথমাৱস্থাত তেওঁলোকে বাংলা ভাষাকে অসমৰ ভাষা হিচাপে গন্য কৰি বাংলা ভাষাতে ধৰ্মপ্ৰচাৰ কৰিছিল যদিও তেওঁলোকে এইটো বোধগম্য কৰিছিল যে বাংলা ভাষাৰ বাহিৰেও অসমত অন্য মাতৃভাষা আছে । মাতৃভাষাৰ মাজেদিয়েই কোনো এটা জাতি তথা ব্যক্তিয়ে যিকোনো বিষয় যে সহজে অনুধাৱন কৰিব পাৰে সেইকথা মিছনেৰীসকলৰ জ্ঞাত আছিল সেয়েহে অসমীয়া ভাষাৰ পুনৰ ন্যায্য প্ৰতিষ্ঠা হেতু ইংৰাজ চৰকাৰৰ ওচৰত সজোৰে দাবী তুলে । তেওঁলোকৰ লগত অসমৰ সুসন্তান আনন্দৰাম ঢেকিয়াল ফুকন , হেমচন্দ্ৰ বৰুৱা আদিয়ে পূৰ্ণ সহযোগিতা আগবঢ়ালে । শেষত ১৮৭৩ চনত সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত অসমীয়া ভাষাৰ ন্যায্য প্ৰাপ্তি হয় ।
                ১৮৩১ চনত শদিয়াত আৰু ১৮৪৪ চনত শিৱসাগৰত নাথান ব্ৰাউনৰ প্ৰচেষ্টাত অসমত ছপাশাল স্থাপন হোৱাৰ পাছতেই অসমৰ জাতীয় ইতিহাস আৰু সংবাদজগতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয় । ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰ মিছন প্ৰেছৰপৰা প্ৰথম অসমীয়া বাতৰি কাকত 'অৰুনোদই' প্ৰকাশ হোৱাৰ লগে লগে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এক ধনাত্মক ভাৱধাৰাৰ প্ৰকাশ ঘটিবলৈ আৰম্ভ হয় । ১৮৮৩-৮৩ অৰ্থাৎ চাৰি দশক ধৰি বৰ্তি থকা অৰুনোদই কাকতে হেমচন্দ্ৰ বৰুৱা, গুনাভিৰাম বৰুৱাকে আদি কৰি এচাম অসমীয়া লেখকৰ সৃষ্টি কৰাইছিল । মিছনেৰীসকলে অতি সহজ-সৰল ভাষাত ভিন্নসুৰীয়া সাহিত্য সৃষ্টি কৰাৰ ফলত অসমীয়া মানুহৰ মনত মাতৃভাষাটোৰ প্ৰতি এক জাতীয়তাবোধ জাগি উঠিছিল । নানান সমস্যাৰে জৰ্জৰিত হৈ থকা অসমীয়া মানুহৰ মনত জাতীয়তাবোধ ভাৱধাৰা জাগ্ৰত কৰাত  মিছনেৰীসকলৰ ভূমিকা অতি লেখত ল'বলগীয়া ।
মিছনেৰীসকলৰ বানান পদ্ধতি যিদৰে উচ্চাৰণ কৰিছিল তেনেদৰে লিখাৰ বাবে অসমীয়া ভাষাৰ ওজা খ্যাত হেমচন্দ্ৰ বৰুৱাই প্ৰতিবাদ কৰিছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মিছনেৰীসকলে বাধ্য হৈ ১৮৬১ চনত 'অৰুনোদই' ক 'অৰুনোদয়' লৈ পৰিৱৰ্তন কৰিছিল । খ্ৰীষ্টান ধৰ্মৰ গুনানুকীৰ্তন কৰাৰ লগতে মিছনেৰীসকলে অসমীয়া জনসাধাৰনৰ জ্ঞান মুকলি কৰিবলৈ অৰুনোদয়ৰ জৰিয়তে অহোপুৰুষাৰ্থ চেষ্টা চলাইছিল । পুৰনি হাতে লিখা পুথি , দেওধাই অসম বুৰঞ্জী আদি অৰুনোদয়ত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱাত অসমীয়াৰ জ্ঞানৰ বাট মুকলি হৈছিল । ইয়াৰ দ্বাৰা অনুপ্রেৰিত হৈ বহুতো অসমীয়া বাতৰিকাকত আৰু আলোচনী উলাইছিল আৰু অসমীয়া ভাষা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । অৰুনোদয়ত প্ৰকাশিত প্ৰৱন্ধৰ ভিতৰত 'ইংলেণ্ডৰ বিৱৰণ' বিশেষভাৱে উল্লেখযোগ্য । ১৮৪৭ চনত আনন্দৰাম  ঢেকিয়াল ফুকনৰ 'A few remarks on the Assamese Language' নামৰ পুথিখনে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰোৱাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল । মিছনেৰীসকল ইংৰাজী ভাষিক হোৱাৰ স্বত্ত্বেও অসমীয়া ভাষাৰ ওপৰত থকা দখল উল্লেখযোগ্য আছিল । তেওঁলোকে যুক্তব্যঞ্জনান্ত তৎসম শব্দৰ প্ৰয়োগ কমকৈ কৰিছিল । মিছনেৰীসকলৰ ভাষাৰ ওপৰত হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য প্ৰকাশ কৰিছে যে তেওঁলোকে অসমীয়া ভাষাক এনে এটা সুৰ প্ৰদান কৰিলে যি সুৰ ভাৰতীয় নহয়, বিলাতী সুৰ ।

              নিশ্চিতঃভাৱে  এই কথা অনস্বীকার্য যে খৃষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাই অসমীয়া ভাষা-সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে আৰু বেলি মাৰ যোৱাৰ পৰা অসমীয়া ভাষাটোক পুনৰুদ্ধাৰ কৰিছিল । মিছনেৰীসকলৰ ভিতৰত অন্যতম আছিল ড° মাইলছ ব্ৰনছন, ড° নাথান ব্ৰাউন , এলিজা ব্ৰাউন, ডেনফোৰ্ড, এ.কে গাৰ্নী আদি । সাত সাগৰ তেৰ নদী পাৰ হৈ অহা মিছনেৰীসকলে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদান অতিশয় গুৰুত্বপূৰ্ণ । অৰুনোদয় আলোকেৰে আলোকিত কৰি সমগ্ৰ অসমীয়া জাতীয় সত্তাক জাগ্ৰত কৰাৰ ক্ষেত্ৰত মিছনেৰীসকলৰ যি ভূমিকা আছিল সেইয়া অসমীয়া জাতিৰ মানসপটত সদায়ে স্মৰণীয় হৈ ৰ'ব । নিঃসন্দেহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাইলছ ব্ৰনছন ছাত্ৰ নিবাস তেওঁৰ‌ অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি থকা শ্ৰদ্ধাৰেই স্বীকৃতি ।  

                        নাম :- শ্ৰী মতী নৱনীতা দত্ত
                     
                               
            

Comments

Popular posts from this blog

কথোপকথন