অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)
অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈকে অসমীয়া জাতীয় জীৱনৰ বাবে নিঃ সন্দেহে অতি দুৰ্ভাগ্যজনক বৰ্ষ আছিল কিয়নো চতুৰ ইংৰাজসকলে অসমৰ স্কুলৰপৰা আৰম্ভ কৰি আদালতলৈকে চৰকাৰী ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰি অসমীয়া ভাষা বিকাশৰ পথ সম্পূর্ণৰূপে অচল কৰি তোলা পৰিলক্ষিত হৈছিল । দুৰ্ভাগ্যৰ বৰ্ষ ১৮৩৬ চনতোতে আমেৰিকান খৃষ্টান মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমত ভৰি দিয়েহি । প্ৰথমাৱস্থাত তেওঁলোকে বাংলা ভাষাকে অসমৰ ভাষা হিচাপে গন্য কৰি বাংলা ভাষাতে ধৰ্মপ্ৰচাৰ কৰিছিল যদিও তেওঁলোকে এইটো বোধগম্য কৰিছিল যে বাংলা ভাষাৰ বাহিৰেও অসমত অন্য মাতৃভাষা আছে । মাতৃভাষাৰ মাজেদিয়েই কোনো এটা জাতি তথা ব্যক্তিয়ে যিকোনো বিষয় যে সহজে অনুধাৱন কৰিব পাৰে সেইকথা মিছনেৰীসকলৰ জ্ঞাত আছিল সেয়েহে অসমীয়া ভাষাৰ পুনৰ ন্যায্য প্ৰতিষ্ঠা হেতু ইংৰাজ চৰকাৰৰ ওচৰত সজোৰে দাবী তুলে । তেওঁলোকৰ লগত অসমৰ সুসন্তান আনন্দৰাম ঢেকিয়াল ফুকন , হেমচন্দ্ৰ বৰুৱা আদিয়ে পূৰ্ণ সহযোগিতা আগবঢ়ালে । শেষত ১৮৭৩ চনত সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত অসমীয়া ভাষাৰ ন্যায্য প্ৰাপ্তি হয় ।...
Comments
Post a Comment