~ কথোপকথন~ (১) ~ তুমি বৰ একেটা কথাতে লাগি থাকিব পাৰা .. আমনি নালাগে নে ? ~ অভিমান জানো যাকে- তাকে কৰা যায় ? অভিযোগ সকলোকে দিয়া নাযায় । গালি সকলোকে পৰা নাযায়, সকলোৰে আগত কান্দিবও পৰা নাযায়, দিওঁ বুলিলেই সকলোকে সমস্ত মৰম উজাৰি দিব পৰাও নাযায় । তোমাক ভালপাওঁ বাবেই এনেকৈ লাগি থাকোঁ ।বেলেগক জানো মই এইবোৰ কৰিম ? ~ একেখিনি কথাকে শুনি শুনি মোৰ আমনি লগা হৈছে । সময় থাকোতেই এই স্বভাৱটো সলনি কৰা । নহ'লে... ~ নহ'লে কি ? ~ মোকো এদিন হেৰুৱাবা, নোৱাৰো মই আৰু অশান্তি লগা হৈছে মোৰ । ~ হুম ~ সিদ্ধান্ত তোমাৰ হাতত । ~ চিন্তা নকৰিবা । যি দিনাৰ পৰা মই অভিযোগ কৰিবলৈ এৰিম, তোমাৰ ওপৰত একো কথাতে খং নুঠিব, অভিমান নাথাকিব সেইদিনাৰপৰা বুজিবা যে তুমি স্বাধীন । ~ সেইয়া এই স্বভাৱটোৱেই বেয়া পাওঁ, আকৌ কথাটো নি কৰ'বাত পালেগৈ । কথা কোৱাটোৱেই ভুল মোৰ । যি কৰা কৰি থাকা । মোৰ লগত আৰু সম্পৰ্ক ৰাখিব নালাগে । কি যে ভুল কৰিলো জীৱনত মই তোমাক ভাল ...
Comments
Post a Comment