বৰষুণৰ প্ৰেমিক মই (কবিতা)

             বৰষুণৰ প্ৰেমিক মই

                               - নৱনীতা দত্ত
বৰষুণ ভাল পাওঁ 
বৰষুণজাকত তিতি জুৰুলি-জুপুৰি হৈ থাকোতেই  তুমি মোক প্ৰথম দেখিছিলা..
তুমি আৰু মই একেটা চাতিতে ভৰিৰ খোজ মিলাই আহি থাকোতেই যে মোৰ হাতত কাগজৰ টুকুৰা এটা গুজি দিছিলা....
হাতৰ মুঠিত থকা কাগজৰ টুকুৰাটো বৰষুণজাকে তিয়াই পেলাইছিল ,
চিয়াঁহীৰে ভিজা কাগজখনৰপৰা চকুৱে বিচাৰি পাইছিলো দুটামান শব্দ..
" মোৰ তোমাক ভাল লাগে বহুত "....
চালত পৰা বৰষুণৰ শব্দত শুনা-নুশুনা মাতটোৰে ফোনৰ ইটো মূৰৰপৰা তুমি যে কৈছিলা,
ভালপোৱা আৰু ভাললগাৰ পাৰ্থক্যবোৰ..
কাৰোবাক ভালপোৱাৰ কথাবোৰ ,
তোমাৰ মোক কেৱল ভাললগাৰ সংজ্ঞা ।
প্ৰেম-বিচ্ছেদৰ  একমাত্ৰ সাক্ষী কেৱল বৰষুণজাক হোৱাৰ বাবে‌ কিন্তু  বৰষুণ মোৰ প্ৰিয় নহয় ।
কিয় ভাল লাগে জানা বৰষুণবোৰ মোৰ ?
বৰষুণৰ টোপালবোৰে কান্দোনৰ শব্দবোৰকো তল পেলায় ।
বৰষুণত তিতিলে অশ্ৰুবোৰে লুকাবলৈ ঠাই বিচাৰি হাবাথুৰি খাব নালাগে ,
আপোনা-আপোনি মিলি যায় বৰষুণৰ সৈতে ।
সেইকাৰনেই
বৰষুণবোৰ ভাল লাগে ।

 

Comments

Popular posts from this blog

অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)

কথোপকথন