#হাঁহিৰ_খোৰাক

 #হাঁহক_আৰু_হহুৱাওক☺

••••••🤗 আজি চুলিৰ বিভিন্ন সমস্যাৰ সমাধান লৈ আহিছো•••••

(1)  মূৰত উফি হ'লে চাবোন বা চেম্পু ব্যৱহাৰ কৰে নেকি😌 যদি কৰে আজিৰপৰা নকৰিব, পুখুৰী বা নদীৰ পাৰৰ পৰা অলপ আলতীয়া মাটি আনি মূৰত এঘন্টাৰ বাবে লেপন দি শুকোৱাৰ পাছত ধুই দিব🙂 চাব উফি পলাই পত্ৰং দিব |

(2)আপোনাৰ চুলি তেলেতীয়া নেকি? যদি তেলেতীয়া তেন্তে অভিনন্দন 😁 কিয়নো আপোনাৰ মূৰত তেলৰ পুং আছে🤗 বেছক আৰু লাখপতি হওঁক, যদি আপোনাৰ মূৰৰ পৰা তেলৰ পুঙতোক আতৰাব বিছাৰিছে তেন্তে ফৰিং দুটামানৰ লগত এচামুচ ডি.ডি.টি পাউদাৰ মিহলাই চুলিৰ গুৰিত লগাওক😌 আপোনাৰ চুলি বতাহ নোহোৱাকৈয়ে উৰিব🤗 

(3) চুলি টকৌৱে খাইছে নেকি ? এটা কাম কৰিব 😌 ৰাতি শুৱাৰ সময়ত এখন জাল পিন্ধি লওঁক | ৰাতিপুৱা দেখিব জালখনত টকৌবোৰ লাগি আছে🤗 সিহঁতক এৰুৱাই আনি ভালকৈ এখুন্দা দিবলৈ নাপাহৰিব😁

(4) শেষত আৰু এটা টিপচ্ দিওঁ নিজৰ বুলি🤗
 "চুলি বেছিকৈ সৰে নেকি ?" আচলতে আমাৰ নাৰিকলটোত (মূৰৰ কথা কোৱা হৈছে😜) ঘূণে ধৰি চুলিবোৰ সৰুৱাই দিয়ে😪 সেইবাবে বদমাচ ঘূণবোৰক এসেকা দিবলৈ নহৰুৰ লগত অলপ ৰেডচিলি পাউদাৰৰ পেষ্ট বনাই চুলিৰ গুৰিত লগাওক😌 নতুন চুলি গজাৰ লগতে ঘূণেও এসেকা পাব🤗
   
( হাঁহি জীৱনৰ মহৌষধ, গতিকে‌ সকলোকে হহুৱাবৰ বাবে ক্ষুদ্ৰ প্ৰয়াস কৰিছো । 😌)
‌‌  
                                           
                                          

   •••••বি.দ্ৰ : কেৱল মনোৰঞ্জনৰ বাবে  |••••

Comments

Popular posts from this blog

অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)

কথোপকথন