#হাঁহিৰ_খোৰাক
#শকত_হোৱাৰ_সুবিধা
(১) কাৰোবাৰ লগত কাজিয়া কৰিব লগীয়া হ'লে শকত আৱত চেহেৰা দেখিলে শত্ৰু পক্ষই এনেয়ে ভয় খাব😌
#শকত_হোৱাৰ_অসুবিধা
(১) শকতবোৰে প্ৰায়ে দুঃচিন্তাত ভুগি থাকে ,যেনে - চকীখন ভাঙিব নেকি , বিচনাখনত বহিলে ভাগিব নেকি ... কেনেবাকৈ পৰিলে পকা বা মাটিখিনি ফাট মেলিব নেকি.... ইত্যাদি ইত্যাদি 😕
(২) কেতিয়াবা বাছ, অটৰিক্সা আদিত দুজনৰ চিট দখল কৰাৰ বাবে ডাবল্ ভাড়া ভৰাৰ সম্ভাৱনাও আছে😕
#ক্ষীণ_হোৱাৰ_সুবিধা
(১) চাৰি/পাঁচজন একেলগে গ'লে খোজ কাঢ়িবৰ প্ৰয়োজনেই নাই😌 হাৱাতেই যাব পাৰি ।
(২)এটা কাপোৰ কিনি আনি দুটা কৰি চিলাই পিন্ধিবও পৰা যায়😐
#ক্ষীণ_হোৱাৰ_অসুবিধা
(১)বতাহ মাৰিলে ভিতৰতে সোমাই থাকিব লাগে😒 নহ'লে কোন টলকত বতাহে উৰুৱাই নিয়ে ঠিক নাই ।
(২) ক্ষীণ হ'লে প্ৰায়ে দুঃচিন্তা হয় । যেনে - কোনোবাই যদি দলিয়াই দিয়ে, মিউজিয়ামত যদি সজাবলৈ লৈ যায় জকাঁ বুলি ভাবি😒 ইত্যাদি ইত্যদি😑
Comments
Post a Comment