#হাঁহিৰ_খোৰাক( মহা শিৱৰাত্ৰীৰ উপলক্ষে)
মহাদেৱৰ প্ৰসাদ গ্ৰহণ কৰি কাৰ কাৰ লটি-ঘটি হ'ল😅 মই নাই খোৱা আৰু লটি-ঘটিও নাই হোৱা😊 হোষ্টেলৰ লগৰ এজনীৰ কথা ক'ব লৈছো....😌
বেচেৰী কালিৰ নিচা যোৱা নাছিল হ'বলা😒 ৰাতিপুৱা kitchen ত সোমাই ভাত আৰু দালি লৈ আহি খোৱাৰ উদ্দেশ্যে মোৰ ৰুমত সোমাল😌 দালিখিনি সানি লৈ মোক কৈছে , "ইমান পিছল লাগিছে আৰু ফেন ওলাইছে আৰু দালিখিনি যে হালধীয়া নহয় নীলা হ'ল কেচটো কি মানে🙄
মই বোলো চাওচোন এইজনীয়ে কি ওল্টা-পুল্টা বকিছে ঠিক নাই😒 তাইৰ কাঁহীত চাই দেখিছো মিছা নহয় কথাটো🙆 ইপিনে তাই বকি বকি ভাত খাই আছে , এইবিলাক দালি ডিব্ৰুগড়তহে পায় বেং, ইমান বেয়া খাবলে😒
মই তাইৰ কাঁহীখনৰ ওচৰলৈ মুখখন নিওঁতে চিনাকী গোন্ধ এটা পাই একেকোবেই kitchen পালোগৈ🏃 কেচটো নগেন মানে 😂 তলত ফটোখন দিছো বুজি পাবৰ বাবে কেচটো😬 , কেচটো হ'ল👇
ভাত বনোৱা আন্টিয়ে কেৰাহী ধৰা , গেছ মচা কাপোৰ কেইখন লেতেৰা হোৱাত চাৰ্ফ অলপ দি কেৰাহীত উতলাই দিছিল চফা হ'বলৈ😂 মৰতীজনীয়ে কিনো নীলা ফেন উঠা দালি বনাইছে বুলি ভাতৰ লগত সানি খাই আছে😴 বেচেৰী এতিয়া মেডিকেল গৈছে😅
Comments
Post a Comment