❤সম্পৰ্কবোৰ হওঁক যুগমীয়া❤

 🔴 যুগমীয়া হওঁক সম্পৰ্কবোৰ🔴

🔴আমি সকলোৱে বিচাৰো যে আমাৰ সম্পৰ্কবোৰ দীৰ্ঘস্থায়ী হোৱাৰ লগতে মধুময় হওঁক , সেইয়া প্ৰেমেই হওঁক বা বন্ধুত্ব | সকলোৱে ভিন্নজনৰ লগত পৰিচিতি হ'ব খোজো আৰু আমাৰ ফ্ৰেণ্ড চাৰ্কুলটো বঢ়াব বিছাৰো , কিয়নো আমি সমাজপ্ৰিয় | কেতিয়াবা এই ফ্ৰেণ্ড চাৰ্কুলৰ ভিতৰত এনেকুৱা কিছুমান মানুহ অন্তৰ্ভুক্ত হৈ পৰে যাক আমি কেতিয়াও হেৰুৱাব নিবিচাৰো |  সম্পৰ্কসমূহ স্হায়ী কৰিবলৈ আমি প্ৰতিটো পলতে সাৱধানতাৰে আগবাঢ়িব লাগিব ,কিয়নো  অকণমান অসাৱধান হ'লেই অমূল্য সম্পৰ্কবোৰ ভাঙি পৰিব আইনাৰ দৰেই | আমি কেনেদৰে মানুহৰ লগত অমূল্য সম্পৰ্কবোৰ বৰ্তাই ৰাখিব পাৰো -----
 
🔶 সকলোৰে ভুল হয় তথা ভুল হোৱাতো স্বাভাৱিক | আমাৰ প্ৰতিপক্ষই যদি কিবা কথা কয়, যিটো শুদ্ধ নহয় বুলি আমি জানো, সেই ভুলটো আমি পোনপটীয়াভাৱে কেতিয়াও আঙুলিয়াই দিয়া উচিত নহয় , কিয়নো তেনে কৰিলে প্ৰতিপক্ষই মনত আঘাত পাব পাৰে | পোনপটীয়াকৈ নকৈ যদি কোৱা হয় ' ভুলটো বাৰু মোৰো হ'ব পাৰে , কিন্তু এই কথা এনেকুৱাহে নেকি ? যদি এনেকৈ কোৱা হয় তেতিয়া প্ৰতিপক্ষই মনত কোনোধৰণৰ আঘাত নাপায় কিয়নো আমাৰ যে নিজৰো ভুল হ'ব পাৰে সেইটো আগতেই স্বীকাৰ কৰিছো |

🔶 কোনো মানুহে সহজতে নিজৰ ভুল মানি ল'ব নিবিচাৰে কিয়নো ভুলটোৱে আমাৰ আত্মসন্মানত আঘাত কৰে | নিজেই জনা হয় যে ভুলতো নিজৰ কিন্তু  মানি ল'বলৈ টান পাওঁ | নিজৰ ভুল স্বীকাৰ কৰিব নোৱাৰা মানসিকতাই সম্পৰ্কত ফাঁট মেলাই | ভুলৰ স্বীকাৰ কৰিলে কোনো সৰু হৈ নাযায় , বৰঞ্চ প্ৰতিপক্ষৰ ওচৰত অধিক সন্মানীয় হৈ পৰে |

🔶 প্ৰতিপক্ষক কিবা কথাত সমালোচনা কৰিবলৈ হ'লে প্ৰথমে নিজক সমালোচনা কৰিব লাগে , তেতিয়া  প্ৰতিপক্ষই কেতিয়াও আমাক বেয়া নাপায় তথা তেওঁলোক মনত শত্ৰুতাভাৱে কেতিয়াও ঠাই নাপায় | 

🔶 যদি আমাৰ প্ৰতিপক্ষই কেতিয়াবা ভুল কৰে তেতিয়া তেওঁৰ ভুলটো দেখুৱাই দিয়াৰ লগতে ভাল গুনৰ প্ৰশংসা কৰাতো জৰুৰী , কিয়নো ভুলটোৰ লগত তেওঁৰ গুনবোৰো সাঙুৰ খাই আছে |
 
🔴 আচাৰ- ব্যৱহাৰ ভাল হোৱাতো বন্ধুত্ব গঢ়ি উঠাৰ বাবে মহৌষধ | আমাৰ ব্যৱহাৰ যদি ভাল হয়, নিশ্চয়কৈ আমাৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িব, বন্ধুত্বৰ সম্পৰ্ক গঢ়িবলৈ আগবাঢ়িব | সৰ্বজনবিদিত যে ' আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ' | 
                               ✍️নৱনীতা

Comments

Popular posts from this blog

অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)

কথোপকথন