#হাঁহিৰ_খোৰাক

 #আজলী_খুৰীজনীৰ_কথাৰে😶

  আমাৰ ঘৰৰ ওচৰত‌ খুৰী এজনী আছে😌 আমি খুৰীদেউ বুলিয়েই মাতো.... অলপ মানে হোজা খুৰীদেউজনী🌚 যি কয় তাকে বিশ্বাস কৰি লয়.. মানে আমি তেওঁক একেৰাহে জোকাই ফুৰোঁ😐এদিন কলোঁ আজি প্ৰধানমন্ত্ৰী আপোনালোকৰ ঘৰলৈ ভাত খাবলৈ আহিব... তেওঁ একেবাৰে মাছ-মাংসই ভাত-পানী বনাই আজৰি🙆🏻‍♀️ খুৰাদেউক কৈছে আলহী আহিব ভাত খাবলৈ😶 পিছতহে উলাইছে উৰহী গছৰ ওৰ😴‌ভোজনটো যেনিবা সেইদিনা ডাঠকৈ পৰিল মোৰ খুৰীদেউৰ ঘৰতে😋খুৰীদেউৰ বেলেগ এভাগ কাহিনীহে কব'লৈ লৈছোঁ🌚 আজি দুদিনমান হ'ল দেই...

ৰাতি ভাত বনাই থাকোতেই শনি লগা কাৰেন্টডাল গ'ল নহয়🤦🏿‍♀️ইফালে গেলা গৰম...‌পুতেকে খুৰীদেউক মবাইলৰ টৰ্চটো জ্বলাই দি সি গৰমত আমাৰ ঘৰ পালেহি😌 কাৰেন্টতো যেনিবা আহিল... দাদাও গ'ল আমাৰ ঘৰৰপৰা☺ দাদা গৈ ঘৰ পোৱাৰ পিছতেই সিহঁতৰ ঘৰত চিঞৰ-বাখৰ শুনিছো😶 লগতে কোনোবাই হাঁহিছে.. আৰু কোনোবাই কান্দিছে 😟 আমি গোইটখন দে দৌৰ🏃 বুলো কি বা হৈছে🙄 গৈ পাইহে গম পাইছোঁ 🙆🏻‍♀️... খুৰীদেউৱে দাদাৰ মবাইলৰ টৰ্চটো নুুমুৱাব নোৱাৰি পানীৰ বাল্টিত জুবুৰিয়াই ঢাকি থৈ দিছে😒 পুতেক আমাৰ ঘৰৰপৰা গৈ মবাইলটো বিচৰাত কৈছে.. তোৰ যে বেমাৰীটোক পানীত ঢাকি থৈছোঁ😑কেনেকুৱা অ সেইডাল পানীত ৰাখোতেহে নুমাইছে । ইফালে দাদা বেহুচ🤦🏿‍♀️মবাইলটো যে‌ পানীত দিয়াৰ বাবে বেয়া হ'ল সেই কথা মাকক বুজাই দিয়াত মাকে চিঞৰি কান্দিছে আৰু পুতেক-বাপেকে হাঁহিছে🙆🏻‍♀️😴

Comments

Popular posts from this blog

অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)

কথোপকথন