অন্তিম যাত্ৰা( গল্প)
জোৰকৈ অহা পচোৱা জাকে মাটিৰ চাকি গছিক বাৰে বাৰে নুমুৱাই দিছে । মাটিত খুচি থোৱা ধূপকেইডালৰপৰা ওলোৱা ধোৱাখিনিক বতাহজাকে তৎক্ষণাতে উৰুৱাই নিছে । চোতালক পৰি ৰৈছে বগা চাদৰখনে ঢাকি থোৱা মৃতদেহটো । মৃতদেহটোৰ পৰা অলপ আতৰত থকা মানুহখিনিৰ আলোচনা --- "কষ্ট খোৱাতকৈ মৰিল ভালেই হ'ল ।"
" বোপাইটো, চুৰিয়াখন পিন্ধি ল যা.. তইয়ে মুখাগ্নি কৰিব লাগিব ।" ---- মাকে ল'ৰাটোক ক'লে ।
"মই নোৱাৰো দেই "--- মবাইলত ব্যস্ত থকা ল'ৰাটোৱে মাকক প্ৰত্যুত্তৰ দিলে ।
'তেনেকৈ ক'বলৈ নাপায়... যা চুৰিয়াখন পিন্ধি আহ্' --- মাকে ল'ৰাটোক অলপ ডাঙৰকৈ ক'লে ।
' ঠিক আছে... কিন্তু মই পিছত চুলি খুৰাব নোৱাৰোঁ.. এতিয়াই কৈ দিছোঁ '--- এইবুলি কৈ ল'ৰাটো ভিতৰলৈ গ'ল ।
নাই ! কাৰো চকুত এটোপাল চকুপানী নাই । দুজনমানে মৃতদেহটো সৎকাৰ কৰাৰ উদ্দেশ্যে মানুহজনক সুধিলে... " খৰি ক'ত দিয়া হ'ব ?"
"খেতিৰ মাটিখিনিত দিব নোৱাৰি... পাছফালৰ বাঁহনিখনতে দিব লাগে "---- মানুহজনে ক'লে ।
বতাহজাক জোৰেৰে আহি মৃতদেহটো ঢাকি থোৱা বগা চাদৰখনৰ এটা অংশ কোঁচাই দিলে । মৃতদেহটোৰ মুখখন ওলায় পৰিল । শেতা পৰা মুখখনত যেন প্ৰশান্তিৰ হাঁহি এটি নিগৰি আছে । হাঁহো হাঁহোকৈ থকা মুখখনৰ সৈতে এইয়াই ' নিজৰা পেহী ' । ত্যাগৰ আন এটা , সহ্যৰ আন এটি নাম , মৰমৰ আন এটি সংজ্ঞা নিজৰা পেহী ।পেহী মানে তেওঁ গাঁৱৰ ডেকা-গাভৰু মখাৰপৰা আৰম্ভ কৰি মাত ফুটা কেঁচুৱাটোলৈকে সকলোৰে মৰমৰ পেহী । বয়স ৫৫ বছৰ ।
"পেহী , আপুনি কিয় বিয়া নহ'লে..? দেখিবলৈও ধুনীয়া আছিল ।" --- প্ৰায়ে ডেকা-গাভৰুবোৰে নিজৰা পেহীক এই কথাটো সুধে ।
" এহ্... তহঁতি কিমান সুধি থাক' একেটা কথাকে চবেই ! মই যদি বিয়া হৈ বেলেগ এঘৰলৈ গ'লোহেঁতেন তেতিয়া ইহঁতৰ কি অবস্থা হ'লহেঁতেন বাৰু ? ইয়াৰ চাকৰিটো আগতে হোৱা নাছিল নহয়.. । বৌটিয়ে মৰাৰ সময়ত মোক কৈ গৈছিল.. ভায়েৰক চাবি... দুখত পৰিব নিদিবি.. ই কামৰ 'ক' টোও নাজানে । বৌটিৰ আত্মাই জানো কষ্ট নাপালেহেঁতেন মই সিহঁতক নোচোৱা হ'লে ?"
--" আৰু আপুনি যে এতিয়া নিজেই কষ্ট পাইছে... ? "
--- " নাই নাই... মই একো কষ্ট পোৱা নাই .. মোৰ সুখেই সুখ ! "--- পেহীয়ে আৰু কথা উলিয়াবলৈ সুযোগ নিদি নিজৰ বাট লয় ।
সেইয়াই নিজৰা পেহীৰ ত্যাগ । কেতিয়াও নিজৰ ঘৰৰ কাজিয়াৰ কথা বেলেগক নকয় । ভায়েক কেশৱে মাক মৰাৰ এবছৰৰ পাছতে পলুৱাই বিয়া পাতিলে । নিজৰা পেহীয়ে ভায়েকে মনত দুখ পাব বুলি একোৱেই নক'লে । একো উপাৰ্জন নোহোৱা ভায়েকৰ সংসাৰখন মূৰপাতি ল'লে । ভায়েক কেশৱে বনবিভাগৰ চাকৰি এটাত খাতি আছিল যদিও নিয়মীয়াকৰন নোহোৱাৰ বাবে নিজৰা পেহীয়ে তাৰ সংসাৰখন চলোৱাৰ দায়িত্ব পালন কৰিব লগা হ'ল । ভায়েকৰ দুটা ল'ৰা , এজনী ছোৱালীৰ ভৱিষ্যৎ কি হ'ব... সিহঁতক কেনেকৈ ডাঙৰ কৰিব.. প্ৰয়োজনবোৰ কেনেকৈ পূৰাব ... সেইবোৰ চিন্তা কৰি থাকোতে পেহীয়ে নিজৰ বিয়াৰ কথা ,সংসাৰ পতাৰ চিন্তা বাদ দিলে । কামলৈ ভয় নকৰা পেহীয়ে ঘৰতে হাঁহ , পাৰ ,ছাগলী ,কয়লা, ব্ৰইলাৰৰ ফাৰ্ম খুলিলে । পেহীয়ে ভায়েক, বোৱাৰীয়েক , ভতিজা-ভতিজীক লৈয়ে জীৱনটো পাৰ কৰাৰ সিদ্ধান্ত ল'লে । সিহঁতৰ ভালৰ কাৰনেই জীৱনৰ সকলোবোৰ ত্যাগ কৰিলে ।
দহবছৰ মানলৈকে সকলোবোৰ ঠিকেই আছিল । ভায়েক , বোৱাৰীয়েক , ভতিজা-ভতিজীৰ মৰমে পেহীৰ মুখখন গৌৰৱত ফুলাই তুলিছিল । সময়ৰ লগে লগে মানুহেও স্বৰূপ সলায় ! পেহীৰ লগতো তেনেকুৱাই হ'ল ।ভায়েক কেশৱৰ চাকৰিটো নিয়মীয়াকৰন হ'ল । পেহীয়ে মনতোতে অলপ সকাহ পালে যে এতিয়া অন্ততঃ তেওঁ অলপ সকাহ পাব । কিন্তু মানুহ মনবোৰ যে ইমান সোনকালে সলনি হ'ব পাৰে তেওঁ কেতিয়াও ভবা নাছিল । পেহী সিহঁতৰ বাবে চকুৰ কুটা দাঁতৰ শাল হৈ পৰিল । পেহীৰ প্ৰত্যেকটো কথা যেন তেওঁলোকৰ বাবে বিহ হৈ পৰিল । যিজন ভায়েক, বোৱাৰীয়েক, ভতিজা-ভতিজীৰ বাবে নিজৰ সকলো ত্যাগ কৰিলে সিহঁতেই পেহীক অৱহেলা কৰিবলৈ ধৰিলে । ভায়েকে সকলো দেখিও নেদেখাৰ ভাও জুৰে । সদায় হাঁহিমুখে থকা নিজৰা পেহীৰ মুখত চিন্তাৰ দাগটো সদায়ে ওলমি থকা হ'ল । চলচলীয়া চকুকেইটা লৈ ঘুৰি ফুৰা নিজৰা পেহীয়ে কয় " কিনো দুখ পাইছোঁ মই... সুখেই সুখ মোৰ !"
ক্ৰমাৎ দিনবোৰ আগবাঢ়িল । নিজৰা পেহীৰ দুখবোৰ সহ্য কৰিব নোৱাৰি মোমায়েকে পেহীক লৈ গ'ল । ধনী মোমায়েকে তিনি লাখ টকা পেহীৰ নামত দিলে । নিজৰা পেহীৰ সুখবোৰ ঘুৰি আহিছিল হে... ভগৱানে চাগৈ পেহী সুখী হোৱাতো সহ্য কৰিব নোৱাৰিলে । বেমাৰত মোমায়েকৰ মৃত্যু হোৱাৰ বাবে ভায়েক কেশৱে পুনৰ লৈ আহিল পেহীক । ভতিজীৰ বিয়া... পেহীয়ে মোমায়েকে দিয়া তিনি লাখ টকা ভায়েকক দিলে । বিয়ালৈকে সকলো ঠিকেই আছিল । পেহীয়েও ভাবিছিল ভায়েক- বোৱাৰীয়েক সলনি হৈছে । কিন্তু স্বাৰ্থপৰতাৰ মুখা পিন্ধা সিহঁতৰ মৰমবোৰ বিয়াখন হোৱাৰ পাছতেই শেষ হৈছিল । ইয়াৰ পাছতেই পুনৰ সেই একেবোৰকে পুনৰাবৃত্তি । সিহঁতৰ অৱহেলা , কটুবাক্যবোৰে পেহীৰ মনত চিন্তা হ'বলৈ ধৰিলে । প্ৰায়ে পেহীয়ে অসহ্য মূৰৰ বিষ অনুভৱ কৰে । ভায়েকে দুটামান পিল আনি দি নিজৰ দায়িত্ব সামৰিলে । দিনতোত এপাক হ'লেও ৰাস্তালৈ ওলোৱা পেহী জনী পোন্ধৰদিন মানৰ পৰা বাহিৰলৈ নোলোৱা হ'ল । হাত-ভৰি বোৰ ফুলি খোজ কাঢ়িব নোৱাৰা হ'ল । ঘৰৰ ভিতৰতে শৌচ-প্ৰস্ৰাৱ কৰাৰ ভয়ত খোৱা বোৱা এৰি দিলে ।
" মোক হাস্পাতাললৈ লৈ যাচোন ! ব্ৰেইন ট্ৰিউমাৰহে হৈছে, ভাল হ'ব !" নাই .. কোনে কান দিয়ে পেহীৰ কথাত ।
আজি সেইয়া নিজৰা পেহী শান্তিৰে শুই আছে । তেওঁ আজি ভায়েক ,বোৱাৰীয়েক, ভতিজাৰ টান কথা শুনিবলৈ ... অৱহেলাবোৰ পাবলৈ সাৰ নাপায় । তেওঁৰ অন্তিম যাত্ৰাতো সিহঁতে কোৱা সেই কথাবোৰ শুনা নাই ! তেওঁ শুনা নাই.. ভতিজাকে মুখাগ্নি নকৰোঁ বুলি কোৱা সেই কথাষাৰ... তেওঁ শুনা নাই ভায়েকে বাঁহনিতে তেওঁক খৰি দিবলৈ কোৱা কথাষাৰ , তেওঁ দেখা নাই সিহঁতৰ কৃতজ্ঞতাৰ এটোপাল চকুপানীৰ বিপৰীতে হাঁহিৰ চাপপৰা মুখখন ! তেওঁ শুনা নাই গাঁৱৰ মানুহখিনিৰ আলোচনা " মৰিল ভালেই হ'ল ... কষ্ট নাখালে ।"
"ঐ তহঁতি সেৱা কৰিবি আহ্... খৰি দিবলৈ নিব লাগে ... আৰু নতুন কাপোৰ এজোৰ লৈ আন ।" ----- গাঁৱৰে মানুহ এজনে চিঞৰিলে । নিজৰা পেহীৰ বাকচটোৰপৰা নতুন কাপোৰ এজোৰ উলিয়াই আনি ভায়েকে হাতত গুজি দি হাতখন বুকুলৈ চপাই দিলে । নিজৰা পেহীৰ হাতৰ মুঠিৰপৰা দুহেজাৰ টকাটো মাটিত পৰি ৰ'ল । "হাস্পাতাললৈ যাবলৈকে চাগৈ পইচাটো থৈছিল বেচেৰীজনীয়ে....! ---- ওচৰতে থকা মানুহজনে ক'লে । নিজৰা পেহীৰ মৃতদেহটোৱে যেন এতিয়াই জী উঠি ক'ব " নাই , নাই... ইহঁতি মোক একোৱেই কষ্ট নাই দিয়া । মোৰ সুখেই সুখ !"
•••••• সমাপ্ত •••••
Comments
Post a Comment