পাগলী (সত্য কাহিনী)
প্ৰখৰ ৰ'দ । জনশূন্য ৰাজপথ । ৰাস্তাৰ ওপৰৰ ইটাৰ টাইলচবোৰ ভৰি দিলে দেই পুৰি যোৱা অবস্থা । ঘৰৰ ভিতৰত থাকিব নোৱাৰি কি কৰোঁ নকৰোঁ কৈ বাটৰ কাষৰ বাঁহজোপাৰ তলতে চাঙখনত বহিলোঁ । হাতত বীণা বৰুৱাৰ বিশেষ উপন্যাসখন " জীৱনৰ বাটত " ।
উপন্যাসখনৰ পাতত চকু ফুৰাওঁতে মোৰ কানত ৰিনিকি ৰিনিকি বাজি উঠিল ----
" সৰা পাতে পাতে ফাগুন নামে
পলাশৰে ৰং ৰাঙলী
বতাহে কানে , কানে ক'লে
নহ'বা উদাস অভিমানী "------
বাৰে বাৰে সেই একে ফাঁকি গীতকে গাই গাই মাতটো মোৰ ওচৰ পোৱা যেন অনুভৱ হ'ল । দেখিলোঁ খুব ধুনীয়া ছোৱালী এজনী । বয়স প্ৰায় ২৬/২৭ বছৰমান হ'ব । ককাললৈকে পৰা পোন চুলিখিনি মেলি থৈছে, পিন্ধনত দীঘল স্কাৰ্ট এটা আৰু বেঙুনীয়া ৰঙৰ স্পৰ্টিং এটা । মাগুৰ বৰণীয়া ছোৱালীজনী সঁচাকৈয়ে মৰমলগা আৰু ধুনীয়া । 'ইমান গৰমত চুলি মেলি আছে তাইৰ... গৰম লগা নাইনে ..? নিজকে প্ৰশ্ন কৰিলোঁ .. । ছোৱালীজনী আহি মোৰ একেবাৰে কাষ পাওঁতে তাইৰ চকুুজুৰিলৈ মোৰ চকু পৰিল । চেলাউৰিযোৰ ডাঠ , চকুজুৰি উজ্জ্বল, মুখখনো নিমজ । দেৱীৰ দৰে দেখি তাইক ।
" বা , কৰবালৈ যায়... ?" স্বভাৱবশতঃ মই হাঁহি মাৰি ছোৱালীজনীক সুধিলোঁ । ছোৱালীজনীয়ে অলপ সময় মোৰ মুখলৈ চায় ক'লে .. " মানুহ দেখিলেই কিয় মাতা... ? নামাতিবা.. মানুহবোৰ বহুত বেয়া ।" মই কিবা কোৱাৰ আগতেই ছোৱালীজনীয়ে নিজৰ বাট ল'লে । মুখত পুনৰ সেই একেই গান....
" সৰা পাতে পাতে ফাগুন নামে
পলাশৰে ৰং ৰাঙলী
বতাহে কানে, কানে ক'লে
নহ'বা উদাস অভিমানী "
কিছুসময়ৰ বাবে মই থৰ লাগিলোঁ । মায়ে উধাতু খাই আহি মোক সুধিলে... " কি কৈছিল তোক ছোৱালীজনীয়ে.. ? ইয়াত পঢ়িব নালাগে, ঘৰলৈ আহ ।" মই আচৰিত হৈ মাৰ মুখলৈ চালোঁ । নজনাকৈয়ে মোৰ মুখৰে প্ৰশ্ন হ'ল... কিন্তু কিয় ?
"তাই পাগল হয় । দেখিয়েই জানো গ'ম পোৱা নাই .. ?" মোৰ বুকুখন বিষাই যোৱা যেন লাগিল । নিজৰ কানখনকো মই যেন বিশ্বাস কৰিব পৰা নাই । কেনেকৈ হ'ব পাৰে ইমান ধুনীয়া ছোৱালীজনী পাগল.. ? "মা তুমি চিনি পোৱা নেকি.. ?কেনেকৈ পাগল হ'বলৈ পালে বাৰু জানা নেকি..?" -- ভয়ে ভয়ে মাক সুধিলোঁ ।
এইবোৰ কথা তহঁতক ক'বই নাপায় । তথাপিও ভালৰ কাৰনে কৈছো .. শুন ... তাইৰ মাকজনী মোৰ সৈতে একেলগে পঢ়িছিল । সিহঁতি তই সৰু থাকোতে আমাৰ ঘৰলৈ আহিছিল .. তই পাহৰিলি চাগে ! ছোৱালীজনীৰ নাম লাকী । তাই সৰুৰে পৰা দেখিবলৈ দেৱীৰ নিচিনা আছিল আৰু চোকাও আছিল । বি.এ পঢ়ি থাকোতে ল'ৰা এজন ভাল পাইছিল বোলে । কিন্তু ল'ৰাটোৱে তাইক ঠগি বেলেগ এজনীক বিয়া পাতিলে । তাৰ পিছৰপৰা তাই মানসিকভাৱে ভাগি পৰিছিল.. অকল ৰুমতে সোমাই আছিল । আৰু এনেকৈ থাকি তাই পাগল হৈ গ'ল । এতিয়াওঁ তাই ল'ৰা দেখিলে ঘুৰি ঘুৰি চায়.. মানুহে কয় তাই হেনো ভালপোৱা ল'ৰাটোক বিচাৰি ফুৰে ... সেইকাৰনে ল'ৰা দেখিলেই সেই ল'ৰাটো বুলি ভাবে ! দেখিলি... ল'ৰাবোৰক বিশ্বাস কৰাৰ আগত ছোৱালীবোৰে ভাবিব' লাগে........
মায়ে কোৱা পাছৰখিনি মই শুনা নাপালোঁ ।বাৰে বাৰে শুনা পালোঁ ..."মানুহ দেখিলেই কিয় মাতা... ? নামাতিবা.. মানুহবোৰ বহুত বেয়া ।"
মনলৈ এটা প্ৰশ্নই আহিল বাৰে বাৰে ... সেই ল'ৰাজনে বাৰু জানেনে যে সি প্ৰতাৰনা কৰা সেই ছোৱালীজনীক মানুহে এতিয়া "পাগলী" বুলি কয় ? সি জানেনে সেই ছোৱালীজনীয়ে আজিও গায়....
" সৰা পাতে পাতে ফাগুন নামে
পলাশৰে ৰং ৰাঙলী
বতাহে কানে, কানে ক'লে
Comments
Post a Comment