কবিতা (এনে আঘোণ নাহিবি দুনাই )
এনে আঘোণ নাহিবি দুনাই !
---------------------------------------------
পিতাইৰ মনতোত যে নাই আঘোণৰ সেই
উখল-মাখল হেঁপাহৰ ধল |
সোণগুটি চপোৱাৰ আশাটো আশা হৈয়ে থাকিল দেখোন এইবাৰ !
মাৰ মুখখনতো দেখিছো বিষাদৰ ছাঁ |
কিমান যে হেঁপাহত মাটিকেইডৰাত গুজিছিল
আশাৰ কঠীয়াবোৰ |
খং উঠিছে আজি বলীয়া বানলৈ, সেই অচিন পোকলৈ !
আঘোণৰ সেই পথাৰখন যে এতিয়া উদং ,
ঠিক পিতাইৰ মনতোৰ দৰেই |
পিতায়ে সপোন দেখিছিল,
সোণগুটিয়ে কেতিয়াও ঠগিব নোৱাৰে !
তিনিবাৰকৈ বানে ধোৱা সেই পথাৰতে আকৌ
সিঁচিছিল আশাৰ সোণগুটিক |
লহপহীয়াকৈ বাঢ়ি অহা সোণগুটিবোৰক চাই ,
পিতাইৰ মনতোত হেঁপাহবোৰে দুনাই থিতাপি লৈছিল |
নাই , হেঁপাহবোৰত পোকে ধৰিলে !
অচিন পোকে !
এতিয়া আৰু আঘোণৰ আগৰ সেই ব্যস্ততা নাই !
আঘোণৰ উৰুঙা পথাৰখনলৈ চায়,
পিতায়ে আজি বাৰে বাৰে কৈছে..
এনে আঘোণ আৰু নাহিবি দুনাই !
✍️নৱনীতা দত্ত
Comments
Post a Comment