দেওলগা আমগছ ( ভৌতিক গল্প )
••••• দেওলগা আমগছ ••••
---- মই যাওঁ, দেৰিয়েই হ'ল আজি |
---- ঠিক আছে চাৰ |
সময়তো অনুমান কৰিব নোৱাৰি কৰনে হাতঘড়ীতো লৈ চালে | ছেহ ! দেৰিয়েই হ'ল | ন বাজি গ'ল | কষ্টতো কৰিবই লাগিব যিহেতু টিউচনেই তাৰ জীৱিকা | চাইকেল চলাই ঘৰ পোৱাগৈ মানে দহ বাজি যাব |
নগৰৰ পৰা গাঁৱলৈ প্ৰায় আঠ কিলোমিটাৰমান হ'ব | কৰনে তাৰ পুৰণা চাইকেলখনকে সাৰথি কৰি ঘৰলৈ বাট ললে | জোনাক নিশা ঠাণ্ডা বতাহ এজাকে মাজে মাজে তাৰ গাতো চুই গৈছে | নগৰৰপৰা গাঁৱৰ ৰাস্তাতো সোমোৱাৰ পাছত এটাও মানুহ লগ পোৱা নাই | ৰাস্তা মানে পথাৰৰ মাজে মাজে লুংলুঙীয়া বাট | মাজে মাজে চাইকেলৰ কেৰকেৰনিটোৱে ভংগ কৰিছে নিৰৱতা | ইচ্ছা নকৰাকৈয়ে তাৰ মুখৰ পৰা ওলাই আহিল এটা গানৰ গুনগুননি |
ঘৰ পাবলৈ আৰু তিনিকিলোমিটাৰমান বাকী | হঠাৎ কৰনৰ চাইকেলখন ৰৈ গ'ল | সি যিমানেই পেডেল মাৰিছে চাইকেলখন একে ঠাইতে ৰৈ আছে | চাইকেলখন পিছলৈ টানি থকা যেন অনুভৱ হোৱাত সি ঘুৰি চালে, কিন্তু কাকো নেদেখিলে | বিশেষ একো নাভাবি সি মনতে ভুৰভুৰালে " এইবাৰ নতুন চাইকেল এখন কিনিব লাগিব "|
পুনৰবাৰ গাৰ সমস্ত বল প্ৰয়োগ কৰি চাইকেলখন ঠেলোতেই কৰনৰ চকুত পৰিল বৰ আমগছজোপালৈ | মানুহে কয় সেই আমগছজোপাজ বোলে কিবা আছে ! আমগছজোপালৈ চাই কৰন আচৰিত হ'ল | এটি শিশুৱে একান্তমনে খেলি আছে | নিজৰ চকুকে সি বিশ্বাস কৰিব পৰা নাই, ইমান ৰাতি কৰ পৰা আহিল শিশুটি ! শিশুটিক উদ্দেশ্যি কৰনে মাত লগালে --- মাইনা , তুমি কি কৰিছা ইয়াত ?
কথাতো কৈ শেষ হ'বলৈ নাপাওঁতেই হঠাৎ সি ৰৈ থকা মাটিখিনি কঁপি উঠিল | এজাক ধুমুহাই তাক পেলাই দিয়াৰ উপক্ৰম হ'ল | ক'ব নোৱাৰাকৈয়ে তাৰ মুখেৰে ভগৱানৰ নাম উচ্চাৰিত হ'ল | লগে লগে বতাহজাক নোহোৱা হ'ল | সি ততাতৈয়াকৈ চাইকেলখনেৰে ঘৰলৈ বেগ ললে |
ঘৰ পাই দেউতাকক আচৰিত ঘটনাতো ক'লে | "শুন , তোক আগতেও কৈছিলো সেইজোপা দেওলগা গছ , আচল কথাতো কৈছো শুন |" --- দেউতাকে কৈ গ'ল | তেতিয়া আমিবোৰ সৰু আছিলো | এদিন ৰাতিপুৱা আমগছজোপাৰ তলত উদ্ধাৰ হৈছিল তিনিতাকৈ মৰা শ |সেই মৰা শ কেইটা আছিল উকালতি কৰা দিলিপ মুদৈ , তেওঁৰ পত্নী আৰু তেওঁলোকৰ তিনিবছৰীয়া পুত্ৰৰ | কোনোবা শত্ৰুয়ে হত্যা কৰি আমগছজোপাৰ তলত পেলাই থৈ গৈছিল | দোষীয়ে আজিও শাস্তি নাপালে | মানুহে কয় তেওঁলোকৰ আত্মাই আজিও শান্তি পোৱা নাই ! তই আজিৰপৰা সোনকালে আহিবি , আমগছজোপাৰ ফালে নাচাবি !
দেউতাকে কথাখিনি কৈ থাকোতে কৰনৰ সমস্ত গা ঘামিছিল | কোনোদিন প্ৰেত -আত্মাৰ কথা বিশ্বাস নকৰা কৰনে ভাবিবলৈ বাধ্য হৈছে সেইয়া কি আছিল ? অশৰীৰ আত্মা নে আন কিবা ? •••••
(বি.দ্ৰ : কাহিনীতো সম্পূৰ্ণ কাল্পনিক )
Dhunia likhisa
ReplyDeleteঅশেষ ধন্যবাদ জনাইছো ।
DeleteVal lagil pohi
ReplyDeleteঅশেষ ধন্যবাদ ।
Deleteভাল লাগিল পঢ়ি।
Deleteঅশেষ ধন্যবাদ
Delete