জীৱন নদী (কবিতা)
জীৱন নদী
-----------------------
--- নৱনীতা দত্ত
দুখৰ নদীখনি বৈ আছে নিৰন্তৰ
মাজে মাজে ঠেলেঙনি খায়...
হৃদয়ৰ কোনোবাতো কোণত ।
দুখৰ নদীখনিয়ে উটুৱাই লৈ যায়
সুখৰ ঠুনুকা দুয়োপাৰক ।
দুখবোৰকতো বাধা দিব নোৱাৰে সুখবোৰে ,
কংক্ৰীট হ'ব নোৱাৰে সুখবোৰ ।
মাথো দুখবোৰে পৰাজয় স্বীকাৰ কৰে
দুখৰ কোবাল সোঁতৰ পকনীয়াত ।
Xundor anuvob
ReplyDeleteবহুত ধন্যবাদ
DeleteXundor hoise
ReplyDeleteবহুত ধন্যবাদ
Delete