অমানিশা (গল্প)

                   অমানিশা  (গল্প)
              ----------------------
                                 --- নৱনীতা দত্ত

 অমানিশা ভাল লাগে মোৰ
 অমাৱস্যাৰ ৰাতি চাইছানে  নে আকাশ খন ?
 চাবাচোন কেতিয়াবা !
জোনটোয়েও হাৰ মানে সেইদিনা 
 আন্ধাৰৰ আগত ;
 কিছকিচীয়া আন্ধাৰ বোৰে ও ইতিকিং কৰি যায় 
জোনৰ পোহৰক !
 ভাল লাগে মোৰ....

              পংক্তিটো সম্পূৰ্ণ হবলৈ নাপাওঁতেই ৰিজুৱে  কৈ উঠিল - শ্বাস্তী , তোৰ হৈছে কি ? এইবোৰ কবিতা নিলিখিবিচোন ! মানুহ সদায় positive হ'ব লাগে ।        
                  
              ৰিজুৰ কথাত শ্বাস্তীৰ হাঁহি উঠি গ'ল । বাৰু নিলিখো । তই যা পঢ়গৈ , মোৰ টোপনি আহিছে ।
--- পাৰিবি জানো অকলে থাকিব ! তোৰ যে লগৰ জনী কিয়নো ইমানকৈ ঘৰলৈ যায় ? ব'ল আমাৰ ৰুমত শুবি , প্ৰশ্নবোধক চাৱনিয়ে শ্বাস্তীৰ চকুলৈ চালে ৰিজুৱে   ।
--- অকলে থাকিয়েই ভাল লাগে মোৰ । ৰিজুৰ ফালে নোচোৱাকৈয়ে শ্বাস্তীয়ে উত্তৰ দিলে ।
--- তোক কথা কৈ জানো কিবা লাভ আছে ? গৰুৰ আগত কোৱাই ভাল অন্ততঃ..... পাছৰখিনি শব্দ শ্বাস্তীৰ কাণত নোসোমাল । ঢংকৈ এটা শব্দ শুনা পালে শ্বাস্তীয়ে । তাই নিশ্চিত হ'ল যে  ৰিজুয়ে তাই ৰুমতোৰ দৰ্জাখন ‍ খঙেৰে বন্ধ কৰিছে যাৰ ফলত‌ এই শব্দৰ সৃষ্টি হৈছে ।

           শ্বাস্তীয়ে মবাইলটোলৈ লক্ষ্য কৰিলে । দহবাজি এঘাৰ মিনিট গৈছে । উঠি গৈ লাহেকৈ দৰ্জাখন বন্ধ কৰিলে । বহুদিনৰ পাছত তাইৰ ৰাতিৰ মুকলি আকাশখন চাবলৈ মন গ'ল । খিৰিকীখন খুলি দিয়াৰ পাছতেই তাই অনুভৱ কৰিলে বতাহ এজাক জোৰেৰে ৰুমত সোমাইছে ।তাইৰ এনে লাগিল যেন অপেক্ষা কৰি আছিল বতাহজাকে তাই খিৰিকীখন খুলালৈ ! মনতো নজনাকৈয়ে ভাল লাগি গ'ল তাইৰ । বহুতপৰ চেষ্টা কৰিও শ্বাস্তীয়ে আকাশখনৰপৰা জোনটোক বিচাৰিব নোৱাৰিলে , তৰাবোৰেও তাইৰ চকুত ধৰা দিয়া নাই । এৰা ! বতৰটো বৰষুণ দিব চাগে ! ইজাকৰ পাছত সিজাক বতাহ তাইৰ উপস্থিতিক আওকান কৰি বিনাদিগ্ধাই ৰুমটোত প্ৰৱেশ কৰিছে । আন্ধাৰবোৰে যেন তাইক ইতিকিং কৰি কৈছে অমানিশা ভালপোৱা ছোৱালীজনীয়ে পোহৰ চাব নোৱাৰে !

             চকু চাট মাৰি ধৰা এটা পোহৰ আৰু অলপ পাছতেই বুকুত কঁপনি তোলা এটা শব্দ । সেই শব্দটোৱে  গোটেই ৰুমটোতো প্ৰতিধ্বনিৰ সৃষ্টি কৰিছে । পুনৰাবৃত্তি সেই পোহৰ আৰু শব্দৰ । অৰ্থাৎ বিজুলী আৰু গাজনি !

--শ্বাস্তীয়ে যেন চিঞৰি চিঞৰি ক'ব _____
"মই পোহৰ দেখিলো ! আন্ধাৰৰ মাজতো পোহৰ দেখিলো । চোৱা ! অমানিশা ভালপোৱা ছোৱালীজনীয়ে আজি পোহৰ দেখিলে । তুমি হাৰি গ'লা মোৰ লগত ।" 
--- আন্ধাৰে যেন প্ৰত্যুত্তৰ দিছে তাইক .. "তুমি ভুল বুজিছা শ্বাস্তী, পোহৰক তুমি কেতিয়াও ভাল পাব নোৱাৰা । তুমি যে এতিয়া দেখিলা পোহৰ , সেই পোহৰ ক্ষন্তেকীয়া ! চোৱা, এই পোহৰ বিপদজনক.. এবাৰ ভাবা তুমি..."।
             
               নাই ! নোৱাৰে তাই এই ইতিকিং সহ্য কৰিব । খিৰিকীখন জপাই দিলে শ্বাস্তীয়ে । সুখী তাই, ক্ষন্তেকৰ বাবে হ'লেও পোহৰ দেখিলো আজি ।যি পোহৰৰ শেষত অন্ধকাৰ হয় আৰু উৎপত্তি হয় বিকট শব্দৰ ! তথাপিও সেইয়া যে পোহৰ, ক্ষন্তেকৰ বাবে হ'লেও অমানিশাক পৰাজয় কৰিব পৰা পোহৰ! ডায়েৰীখন লিখিবলৈ শ্বাস্তী টেবুলৰ ওচৰলৈ গ'ল । মনত অজস্র প্ৰসন্নতা ।

‌      চি.কে পেয়িং গেষ্ট  , ৰুম নং ১০ নলবাৰী । মেধাৱী ছাত্ৰী শ্বাস্তী মহন্তৰ আকস্মিক মৃত্যু । কেনেদৰে ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল এই কথা জানিবপৰা নাই যদিও অনুমান কৰা হৈছে যে ছাত্ৰীগৰাকীৰ হৃদপিন্ডৰ উশাহ বন্ধ হৈ............
.. সামাজিক মাধ্যমত বনজুইৰ দৰেই বিয়পি পৰিল খবৰটো‌ । 

      Please control yourself ৰিজু । ইস্পিতা, দৰ্শানাকে ধৰি কেইবাজনী ছোৱালীয়ে ৰিজুক বুজাব চেষ্টা কৰিও বুজাব পৰা নাই । তেনেতে ৰিকিতা সোমাই আহি প্ৰায় চিঞৰি উঠাৰ দৰে ক'লে --- postmortem report ত‌ কি আহিল গম পাৱনে' তহঁতি ? সকলোৱে প্ৰশ্নবোধক চাৱনিয়ে তাইৰ ফালে চালে । She has committed suicide. 
--- What ? ৰুমটোত‌ থকা সকলোৱে অবাক হৈ পৰিল‌‌ । 
-- Postmortem report ত sleeping tablet খোৱাৰ বাবে মৰা বুলি কৈছে । ৰিকিতাই ক'লে ।
     
      " ১০‌নং কোঠাৰ সকলোবোৰ‌ আচবাব জ্বলাব লাগিব , তোমালোক কোনোবাই অলপ সহায় কৰি দিয়া বস্তুবোৰ উলিওয়াত " চকিদাৰজনৰ মাতত‌ বাকী ছোৱালীবোৰৰ লগতে ৰিজুও উঠি গ'ল । শ্বাস্তীৰ ৰুমত সোমাই তাইৰ ডায়েৰীখন বিচাৰবলৈ ধৰিলে । টেবুলত কিতাপবোৰৰ লগতে ধুনীয়াক জাপি থোৱা ডায়েৰীখন ৰিজুয়ে বিচাৰি পালে  । কি লৈছা সেইখন ? চকীদাৰজনৰ প্ৰশ্নত ৰুবি থতমত খালে । "মই তাইক‌ কিতাপ এখন দি থৈছিলো পঢ়িবলৈ , সেইখন‌ লৈ লৈছো "। মিছা মাতিলে ৰিজুয়ে । 
        চকীদাৰজনে কোনো সন্দেহ নকৰাৰ বাবে ৰিজুয়ে ডায়েৰীখন লৈ নিজৰ ৰূমত সোমাই দৰ্জাখন বন্ধ কৰি দিলে । ডায়েৰীখনৰ শেষপৃষ্ঠাত  চকু পৰিল ৰিজুৰ । য'ত  লিখা আছিল 

     "আন্ধাৰ ভালপোৱা ছোৱালীজনী"....
                                ‌ তাং : ১২/০৬/২০২০

        মৃত্যুটো সকলোৰে আহিব এদিন নহয়‌ এদিন । তাৰে কিছুমান স্বাভাৱিক আৰু কিছুমান অস্বাভাবিক । বহুত হেঁপাহ আছিল নিজকলৈ । নিজক‌ যে কিমান ভাল পাইছিলো । কিন্তু সেইয়া যে অতীত আছিল । এতিয়া আৰু আগৰ দৰে নিজৰ প্ৰেমত নপৰো , অলপো ভাল নালাগে নিজক । ৰিজুৱে মোক আজি সুধিছিল " তই মানুহজনী ইমান Negative mind ৰ কিয় ? কিন্তু তাইকনো মই কেনেকৈ কওঁ মইয়ো যে পজিটিভ মাইণ্ডৰ ছোৱালী আছিলো , অনবৰতে আনক হহুৱাই নিজেই হাঁহি ভালপোৱা এজনী ছোৱালী । 
সেইদিনাও তাই মোক সুধিছিল - শ্বাস্তী , তই কিয় আন্ধাৰ ভাল পাৱ' ?

         মই তাইক স্বভাৱসুলভভাৱে হাঁহি মাৰি ক'লো - "দেখা নাই জানো, দেখিবলৈ মই ভুতৰ নিচিনা, ভুতে আন্ধাৰক ভাল নাপায় কাক পাব ?" মুখ ওফন্দাই মোৰ ওচৰৰ পৰা গুচি গৈছিল পাগলীজনী । কিন্তু তাইক কেনেকৈ কওঁ যে মই আন্ধাৰ ভাল পাওঁ কাৰণ... দিনৰ পোহৰত ভদ্ৰতাৰ মুখা পিন্ধা মানুহৰ আন্ধাৰত আচল মুখাখন খোল খাই পৰে , আন্ধাৰে উদঙাই দিয়ে ধুনীয়া চেহেৰাৰ কুসিৎ হৃদয়ৰ মানুহবোৰক । পোহৰ ময়ো ভাল পাইছিলো ৰিজু , হয়তো বহুত বেছিয়েই ভাল পাইছিলো । যি দিনা আন্ধাৰ আৰু পোহৰৰ পাৰ্থক্য বুজি পালো সেইদিনাৰপৰাই  ঘৃণা কৰিবলৈ ল'লো পোহৰক, যি পোহৰত মানুহে মুখা পিন্ধে ! ভদ্ৰতাত মুখা ! আন্ধৰকে ভাল লগা হ'ল মোৰ , যি আন্ধাৰে উদঙাই দিয়ে মানুহৰ চৰিত্ৰ , মানুহৰ দানৱতা । এই আন্ধাৰতে কোনোবা কাৰোবাৰ  কামনাৰ বলি হয়, ক'ত যে হয় ধৰ্ষিতা , কিমানে যে পাৰ কৰে যন্ত্রণাদায়ক ৰাতি । অ' সেইদিনাও কিন্তু আন্ধাৰেই আছিল ৰিজু , যিদিনা চাৰে মোক প্ৰগেমৰ পৰা হোষ্টেললৈ আগবঢ়াই দিছিল !

              আন্ধাৰক ভাল পাবলৈ শিকাৰপৰা টোপনিও দেখোন নাহে । আজি পোহৰক দেখিলো আন্ধাৰৰ মাজত ! পোহৰবোৰে মোক ইতিকিং কৰিছে ! ৰাতিপুৱাৰ পোহৰবোৰ চাবলৈ মোৰ মনতো আজি ব্যাকুল হোৱা নাই । ওম মই বেয়া পাওঁ  পোহৰক ,যি পোহৰত মানুহে ভদ্ৰতাৰ মুখা পিন্ধে । আন্ধাৰৰ নামতেই সপি দিছো মোৰ জীৱনৰ শেষ মুহূর্তটো । ....
                                             Sorry
                        অমানিশা ভালপোৱা ছোৱালীজনী

                     ------*****------
বি.দ্ৰ : কাহিনীতো সম্পূর্ণ কাল্পনিক ।
       
        
             

Comments

  1. বৰ ভাল লাগিল পঢ়ি

    ReplyDelete
  2. Replies
    1. অশেষ ধন্যবাদ জনাইছো

      Delete
  3. Replies
    1. অশেষ ধন্যবাদ জনাইছো

      Delete

Post a Comment

Popular posts from this blog

অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)

কথোপকথন