তেজীমলা (কবিতা)
তেজীমলা
••••••••••••••••
- নৱনীতা দত্ত
সাঁচতীয়া ধনেৰে গঢ়া এটি
সুখৰ সেন্দূৰীয়া আলি,
সংশয়হীনতাৰে খোজ কাঢ়ি ফুৰে
কোনোবা অচিনা পখীয়ে |
মাজৰাতি লুইতৰ বুৰ মাৰি আহে তাই,
পানীৰ লগত তাই আলিংগনৰ মেলা,
তথাপি আকোঁৰগোজ নল-বিৰিনা
অথবা পানী- মেটেকা;
জানোচা বাঢ়নী পানীয়ে------
ফুটুকাৰ ফেনত ডুবাই মাৰে সিহঁতক(?)
কোনো ভ্ৰূক্ষেপ নাই তাইৰ
তথাপি মিতিৰালি কৰে সিহঁতৰ সৈতে |
হঠাৎ এক প্ৰচণ্ড আঘাত |
শাওণৰ বলীয়া বানে
ধুই পেলালে তাই খোজকঢ়া আলিটো,
প্ৰতিধ্বনিত ঢৌবোৰে আগৰদৰে দেখোন
নেখেলা হ'ল তাইৰ সৈতে |
বিৰিনাৰ মূঢ়াটোত লগা জুইয়েও
তচনচ কৰিলে গোটেইখন ,
চানিপাতি ৰোৱা পানীমেটেকাবোৰ
চাকনৈয়াৰ পকনীয়াত ফৰিং চিটিকা দিলে |
মাথো ৰৈ গ'ল তাই ;
নিৰৱে ৰৈ গ'ল তাই উজাই অহা গছডালৰ আগতোত !
চূড়ান্ত মোহনাত তাই আকৌ খেলিব
নদীৰ বহল বুকুৰ মাজত |
Bohut dhunia likhisa
ReplyDeleteঅশেষ ধন্যবাদ জনাইছো ।
DeleteDhunia hoisy
ReplyDeleteঅশেষ ধন্যবাদ ।
Deleteভাল লাগিল পঢ়ি
ReplyDeleteঅশেষ ধন্যবাদ
Delete