সময় বৈ যায় (গল্প)

(সকলোৱে এবাৰ পঢ়িব বুলি আশা ৰাখিলো )
              ••• সময় বৈ‌‌ যায় •••

 "Two voice are there, one is of the sea,
  One of the mountains, each a mighty voice ;...
            
                 বিখ্যাত লিখক ওৱৰ্ডৱৰ্থৰ কবিতাফাঁকি শুনি শ্ৰেয়া ৰৈ গ'ল | চাৰিওফালে চালে তাই | ক'তা কোনোটো নাই | দুমাহত চিনাকি হৈ পৰা সেই ঠাইখিনিত আছে কেৱল সকলোৰে পৰিচিত ফটা-চিটা কাপোৰ, দুৰ্গন্ধময় শৰীৰ আৰু জটাবন্ধা চুলিৰে সৈতে 'পাগল' হিচাপে বিবেচিত বিশেষ ব্যক্তিজন | ৰাতিপুৱা খোজকাঢ়িবলৈ আহোতে শ্ৰেয়াই প্ৰায়ে দেখা পায় জৰীগছ জোপাৰ তলত পৰি থকা সেই মানুহজনক | 
           
           Liberty, Liberty .. ডাঙৰকৈ ভাঁহি আহিল শব্দটো | শ্ৰেয়াই ঠিকেই শুনিছে , পাগল হিচাপে পৰিচিত ব্যক্তিজনৰ মুখেৰেই উচ্চাৰিত হৈছে ওৱৰ্ডছৱৰ্থৰ বিখ্যাত কবিতাটো |

        কৌতূহলৰে ভৰি পৰিল শ্ৰেয়াৰ মনটো | কোন সেইজন ব্যক্তি ? কেনেকৈ পাগল হ'বলৈ পালে ?... ইত্যাদি বহু ধৰণৰ প্ৰশ্নই ৰাতিপুৱাৰে পৰা জুমুৰি দি আছে | চেষ্টা কৰিও অফিচত মন বহুৱাব পৰা নাই তাই |
-- সোমাব পাৰোনে মেডাম ?
-- অ' ৰাজু , আহা আহা |
-- কিবা ভাবি আছিল মেডাম ?
-- ওম ,তুমিতো ইয়াৰেই হয় ? মোৰ ৰুমৰ অলপ আগত যে জৰীগছ জোপাৰ তলত মানসিক বিকাৰগ্ৰস্ত ব্যক্তি এজন থাকে ,তেওঁৰ বিষয়ে কিবা জানা নেকি ?
-- হয় মেডাম | তেওঁৰ নাম পৰাগ লাহন | বয়স প্ৰায়  ষাঠিৰ ওপৰৰ হ'ব | মোৰ দেউতাৰ ক্লাচমেট আছিল | সেইসময়ত আমাৰ অঞ্চলটোৰ ভিতৰতে চোকা ব্যক্তি আছিল | খুব কষ্টেৰে মাকে বি.এ.পঢ়োৱাইছিল | কিন্তু .. এজনী ছোৱালীৰ বাবে আজি এই অৱস্থা |
-- ভালকৈ বুজাই কোৱাচোন  ৰাজু |
-- কৈছো মেডাম | বুকুত হাজাৰটা সপোন বান্ধি লৈ গুৱাহাটীত এম.এ পঢ়িব গৈছিল তেওঁ | পঢ়াত খুব চোকা হোৱাৰ বাবে সমাজসেৱক এজনে পঢ়ুৱাৰ দায়িত্ব লৈছিল | গুৱাহাটীতে এজনী ছোৱালীৰ প্ৰেমত পৰিল , সপোন দেখিছিল তাইক লৈ নিজক আগুৱাই নিবলৈ | কিন্তু স্বাৰ্থপৰ , প্ৰতাৰক আছিল ছোৱালীজনী | তেওঁক সপোন দেখুৱাই ধনীৰ একমাত্ৰ পুত্ৰৰ সৈতে বিয়া হৈছিল তাই, সিমানতে শান্ত নাথাকি স্বামীৰ হতুৱাই অপমান কৰাইছিল | তাৰ পিছৰখিনি এয়াই.. এতিয়া এজন পাগল, মানুহক ভয় কৰে তেওঁ !
-- ইচ ! So sad ! ছোৱালী এজনীয়ে ল'ৰা এটাৰ জীৱনটো শেষ কৰি দিলে .. unbelievable . কিন্তু  মাকৰ কি হ'ল ?
-- নিজৰ ল'ৰাটোৰ এনে অৱস্থা কেনেকৈনো চাই থাকিব , কেতিয়াবাই আত্মহত্যা কৰিলে মাকে |
-- ছোৱালীজনী ক'ৰ আছিল বাৰু ?
-- তাই গুৱাহাটীৰে আছিল | গুৱাহাটীৰ বিখ্যাত উকীল এজনৰ জীয়েক | নামটো ... গায়ত্ৰী বেজবৰুৱা | 
-- কি ? গায়ত্ৰী বেজবৰুৱা ?
-- হয় মেডাম ,.চিনি পায় নেকি ?
-- মই কেনেকৈ চিনি পাম বাৰু ? তুমি যোৱা এতিয়া |
                     শ্ৰেয়াই চকীখনৰ পৰা উঠি গাড়ীত বহিলগৈ | কি কৰিব এতিয়া তাই ? এতিয়াই গৈ পৰাগ লাহনৰ ভৰিত পৰি ক্ষমা বিচাৰিব ? ক'ব তাই ' মই গায়ত্ৰী বেজবৰুৱাৰ জী ' , চিঞৰি ক'ব পৰাগ লাহনক ' আপোনাক প্ৰতাৰণা কৰা গায়ত্ৰী বেজবৰুৱাও নিজেই প্ৰতাৰিত হ'ল | অৱশ্যে আপোনাৰ দৰে পগলা নহ'ল তেওঁ , তেওঁৰ ধনী স্বামীয়ে কৰা প্ৰতাৰণাৰ বাবে গায়ত্ৰী বেজবৰুৱাই নিজৰ চাৰিবছৰীয়া সন্তানক এৰি আত্মহত্যা কৰিছিল |'
            
          কিন্তু এইবোৰ যে অৰ্থহীন| সময়ৰ সোঁতত অৰ্থহীন সকলো সত্য | মানসিক বিকাৰগ্ৰস্ত তেওঁ | মাকৰ ফটোখন বুকুত সাৱটি ডাঙৰ হোৱা শ্ৰেয়াই সেই ফটোখনৰ সন্মুখত আজি প্ৰশ্ন কৰিছে ," কেনেকৈ কৰিব পাৰিলা তুমি মা , এজন ল'ৰাৰ জীৱন ধ্বংস ? এগৰাকী মাকৰ সপোনৰ লগত খেলিব ? হত্যাকাৰী তুমি, দুটা মানুহক তিলতিলকৈ হত্যা কৰিল তুমি , কিয় মা কিয় ? নিৰুত্তৰ .....  উত্তৰ দিবলৈ যে  অক্ষম  ফটো ফ্ৰেমতোৰ মাজত‌ মিছিকিয়াই হাঁহি থকা গায়ত্ৰী বেজবৰুৱা নামৰ মানুহজনী।
 
(বি.দ্ৰ : মানুহৰ নামবোৰ আৰু কাহিনীটো সম্পূৰ্ণ কাল্পনিক )
‌                                  ✍️ নৱনীতা দত্ত
                                        ‌লক্ষীমপুৰ
‌                                        
                  

Comments

Post a Comment

Popular posts from this blog

অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান(প্ৰৱন্ধ)

কথোপকথন